Saturday, June 23, 2012

আগকথা

শ্ৰী শ্ৰী কলীয়া গোঁসাই মহাপ্ৰভুৰ মন্দিৰ নিৰ্মাণৰ আগকথা: 


অষ্টাদশ শতিকাৰ প্ৰায় শেষৰ ভাগত মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাৱে হাৰিভাঙ্গা গাওঁৰ বুকুলৈ নতুন জাগৰণ আনিলে। এটি সুন্দৰ দিনত মহাপ্ৰভুৰ মন্দিৰ স্থাপনৰ উদ্দেশ্য আগত ৰাখি এখন আলোচনা চক্ৰত গঞা ৰাইজ মিলিত হ’ল। আলোচনামৰ্মে মন্দিৰ নিৰ্মানৰ বাবে এখন কমিটি গঠন কৰা হ’ল। কমিটিখনৰ সভাপতিৰ দ্বায়িত্ব অৰ্পণ কৰা হ’ল পিতাৰাম( উপাধি জনা নাযায়) দেৱক। উক্ত কমিতিৰ সদস্যবৃন্দ আছিল ক্ৰমে বলোৰাম মেম্বৰ, ভবেন্দ্ৰ নাৰায়ণ ভট্ট, ভেবোৰাম ডাকুৱা,বিহুৰাম ডেকা, মহিৰাম মেম্বৰ, কেশৱ চন্দ্ৰ মহাজন, পৰিক্ষীত চেয়াৰ মেন, দাসোৰাম কলিতা,জালিৰাম বায়ন, কনোৰাম মেম্বৰ আৰু বালেক গাওঁবুঢ়া। ওপৰোক্ত কমিটিখনে ৰাইজৰ সহযোগত ১৩১৮ চনৰ পহিলা মাঘৰদিনা সস্তেৰাথেৰ চুবুৰীৰ বকুল তলৰ পৰা প্ৰভুৰ বিগ্ৰহ বৰ্ত্তমানৰ মন্দিৰটোলৈ আদৰি আনে। 
মন্দিৰ পৰিচালনা সমিতি:
১৯৯২ চনৰ ১০ মে’ত মন্দিৰ প্ৰাংগণত বহা সাধাৰণ সভাত গৃহিত সিদ্ধান্ত মৰ্মে এখন মন্দিৰ পৰিচালনা কমিটি গঠন কৰা হয়।

প্ৰথম কমিটিখনৰ সৈতে জড়িত লোক সকলৰ নামসমূহ তলত উল্লেখ কৰা হ’ল:

সভাপতি: গংগাৰাম হালৈ
উপ-সভাপতি: যোগেন বৰ্মন
প্ৰধান সম্পাদক: নৃপেন শৰ্মা
সহকাৰী সম্পাদক: অৰবিন্দ কলিতা
সদস্যবৃন্দ: কমলা বৰ্মন, হৰমোহন কলিতা, সুৰেন্দ্ৰ কলিতা, দেৱেন হালৈ, ভৱেন্দ্ৰ কলিতা, ৰোহিত ডেকা, সৰ্বেশ্বৰ কলিতা, হৰিদেৱ    শৰ্মা, ফণিধৰ কলিতা, তৰুণ মেধি, কৰুণা কাকতি, উদয় কলিতা, মথুৰ বৰ্মন আৰু ৰত্নেশ্বৰ কলিতা।

No comments:

Post a Comment