Saturday, June 23, 2012

মন্দিৰৰ বিষয়ে সবিশেষ

•    প্ৰভু শ্ৰীকৃষ্ণৰ আন এটা নাম “কলীয়া কানাই” আৰু সে‍ই নাম অনুসৰি গোঁসাই ঘৰৰ নাম “শ্ৰী শ্ৰী কলীয়া গোঁসাই মন্দিৰ” হয়। মন্দিৰৰ বিগ্ৰহটো‍ও ভগৱান শ্ৰীকৃষ্ণৰে প্ৰতিমূৰ্ত্তি। মন্দিৰৰ নামতে নিজৰ সমস্ত সপি দিয়া ভকত শ্ৰী যুত হৰেন্দ্ৰ নাথ কলিতাৰ বক্তব্য অনুসৰি বিগ্ৰহটোৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
                      ১) বিগ্ৰহটো কাঠেৰে নিৰ্মিত, বৰণ ক’লা।
                      ২) ওজন: প্ৰায় ৫০০ গ্ৰাম।
                      ৩) উচ্চতা: প্ৰায় ১ ফুট আৰু ই আসনত উপৱিষ্ট            
                                     ভগৱানৰ ৰূপ।                   
                      ৪) ১৩১৯ চনত বিগ্ৰহ প্ৰতিস্থাৰ বাবে শুদ্ধৰাম ডেকাই
                          পোনপ্ৰথমবাৰৰ বাবে আসনখন দান দিয়ে।
                      ৫) সমসাময়িকভাৱে যজ্ঞৰাম ডেকাই প্ৰণামী পাত্ৰটো
                           দান দিয়ে।               
                      ৬) পশ্চিমবংগৰ কাকিনীপাৰাৰ শিৱশংকৰ দেই
                          প্ৰভুৰ শিৰৰ মুকুটটো দান কৰে।

                     উল্লেখ্য যে প্ৰভুৰ শিৰৰ জেউতি চৰাবৰ নিমিত্তে ৫১/২  তোলা সোণৰ মুকুট তৈয়াৰ কৰা হৈছিল যদিও দূৰ্ভাগ্যবশতঃ সেই মুকুটটো চুৰি হয়।
•    “হোকাখোৱাজান”ৰ পাৰৰ “শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ থান”ৰ মাহাত্ম্য ৰাইজৰ মাজত বিয়পি পৰাত ৰাইজে প্ৰভুক মুকলি ঠাইলৈ আদৰি আনি আড়ম্বৰভাৱে মন্দিৰ সাজি সে‍ই মন্দিৰত প্ৰভুক বিৰাজমান কৰাবলৈ মন মেলে। সে‍ই উদ্দেশ্যে পোনপ্ৰথমে নান্নাট্টাৰী গাঁৱৰ হৰেশ্বৰ তালুকদাৰৰ ককায়েক গণে তালুকদাৰে মন্দিৰ প্ৰতিষ্ঠাৰ নামত দু‍ই বিঘা মাটি দান দিয়ে।
•    পশ্চিমকুছি, কামাখ্যাধাম, ছান্নৈপাৰ, কাকাভাঙ্গাথেৰ, বক্ৰাথেৰ, সস্তেৰাথেৰ আৰু কালাথেৰ এ‍ই সাত চুবুৰীৰ লোক একত্ৰিত হৈ এখন সমিতি গঠন কৰে আৰু সে‍ই সমিতিৰ সিদ্ধান্তমৰ্মে ১৩১৮ চনৰ পহিলা মাঘৰ দিনা প্ৰভুৰ বিগ্ৰহ সস্তেৰাথেৰ চুবুৰীৰপৰা আদৰি আনি হাৰিভাঙ্গা গাঁৱৰ ঠিক সোঁমাজত থকা ছান্নৈপাৰ চুবুৰীৰ নতুন মন্দিৰত প্ৰভুক প্ৰতিষ্ঠা কৰে।
•    সে‍ইমতে প্ৰতি বছৰে পহিলা মাঘৰ দিনটোক মন্দিৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় আৰু মন্দিৰ প্ৰাংগনৰত বিশাল ধৰ্মসভা আৰু ভাগৱত চক্ৰৰ আয়োজন কৰা হয়।
•    লাহে প্ৰভুৰ মাহাত্ম্য ওচৰ পাজৰৰ সকলো ঠাইলৈ বিয়পি পৰে আৰু ভক্তৰ আদৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে আহিনৰ সাত তাৰিখৰ দিনা এক ভাগৱত চক্ৰৰ আয়োজন কৰা হয়।  
•    আনহাতে পুখুৰীৰে সৈতে সভাৰখোলাৰ মাটিখিনি বৰ্ত্তমান কুকুৰমাৰা নিবাসী অমূল্য মেধিৰ আজোককায়েক অৰ্থাত্‍ তেওঁৰ ককায়েক জয়ৰামা মেধিৰ ককায়েকে ( নামটো জনা নাযায় ) দান দিছিল। তাত প্ৰায় ৫১/২ বিঘামান মাটি আছে।
•    স্বৰ্গদেউ ৰূদ্ৰসিংহই ৬১/২ বিঘা ৰূপিত মাটি দান কৰিছিল আৰু সে‍ই মাটিত বৰ্ত্তমান খেতি কৰা হয়। উক্ত মাটিৰ খেতিৰ উপাৰ্জন মন্দিৰ উন্নয়ন কৰ্তৃপক্ষৰ হাতলৈ যায়।
•    মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা প্ৰতিবছৰে মাঘৰ শুক্লা একাদশী তিথিত হাৰিভাঙ্গা সভা মহোত্সৱ আৰম্ভ হয়। সভা আৰম্ভ হোৱাৰ সঠিক সময় কোৱাটো কঠিন হ’ব। ই প্ৰথমে তিনিদিনিয়া আছিল, কিন্তু পিছলৈ কনক ডেকা, দণ্ডি কলিতা আৰু কাইলা শংকৰ প্ৰত্যেকে একো কঠাকৈ মাটি উত্সৰ্গা কৰি “হাৰিভাঙ্গা উচ্চ বুনিয়াদী বিদ্যালয়” প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা হাৰিভাঙ্গাৰ সভা পাঁচদিনীয়া হ’ল আৰু বিদ্যালয়ৰ সন্মুখভাগত সভাৰ বাবে মুকলি ঠাইও ওলাল। সম্প্ৰতি পহিলা মাঘৰ ধৰ্মসভাৰ সৈতে একেলেঠাৰিয়ে হাৰিভাঙ্গাৰ সভাও অনুস্থিত কৰা হয় আৰু এ‍ই সভা সাতদিনীয়া ৰূপে পালন কৰা হয়।
•    এ‍ই মন্দিৰ প্ৰাংগণত দৌল, ভঠেলি ইত্যাদি উত্সৱ পালন কৰা হয়। মন্দিৰৰ বায়ু কোনত এটি দৌলৰ মন্দিৰ অৱস্থিত।
•    মন্দিৰৰ পূজা-অৰ্চনাৰ বাবে ২০০৭ চন পৰ্য্যন্ত স্থায়ী পুৰোহিত নিযুক্তি দিয়া হোৱা নাই।
•    সস্তেৰাথেৰ চুবুৰীৰ চতে কোঁচত এ‍ই মন্দিৰ চোৱা চিতা কৰিবৰ নিমিত্তে প্ৰথম ভকত হিচাপে নিযুক্তি দিয়া হয়।
•    ৰত্নেশ্বৰ শৰ্মাক এ‍ই মন্দিৰৰ প্ৰথম পুৰোহিত হিচাপে নিযুক্তি দিয়া হয়।
•    হৰেন্দ্ৰ নাথ কলিতাই ২০১০ চন পৰ্য্যন্ত বিগত ছল্লিশ বছৰ এ‍ই মন্দিৰত ভকত হিচাপে সেৱা আগবঢ়াই আহিছে।
•    ৰত্নেশ্বৰ শৰ্মাক বিনা খাজনাই প্ৰায় চাৰি পূৰা মাটি দান দিয়া হৈছিল। গাঁৱৰ উত্তৰে থকা সে‍ই মাটিখিনিক আজিও “বামুণৰ বাৰী” বুলি লোকে কয়। কিন্তু, কালক্ৰমত তেওঁলোক বৰমাখিবাহা গাঁৱলৈ স্থায়ীভাৱে গুচি যায় আৰু উক্ত মাটিখিনি হাৰিভাঙ্গা গাঁৱৰ মানুহলৈ এৰি থৈ যায়। কিন্তু বংশানুক্ৰমে তেওঁলোকে প্ৰভুৰ সেৱা কৰি আহিছে।
•    মন্দিৰ মচা আৰু বন্তিপ্ৰজ্বলন কৰাৰ কাৰণে “কুচোথেৰ বুঢ়ী”ৰ বংশৰ চতে কোঁচক এ‍ই মন্দিৰৰ প্ৰথম ভকত নিযুক্তি দিয়া হয়। কালক্ৰমত তেওঁলোক বালি গাঁৱলৈ স্থায়ীভাৱে গুচি যায়। তেওঁলোকৰ বংশধৰসকল এতিয়াও বালি গাঁৱত আছে। অনুমান হয় যে তেওঁলোকক বহু মাটি ভকত হিচাপে দান দিয়া আছিল আৰু হাৰিভাঙ্গা গাঁৱৰ পশ্চিমে থকা তেওঁলোকৰ অৱশিষ্ট ঘৰ ইত্যাদিক ৰাইজে আজিও “কোচৰ বাৰী” বুলি কয়।
•    এওঁলোক গুচি যোৱাৰ পিছত আজি পৰ্য্যন্ত চাৰিঘৰ ভকতৰ হিচাপ পোৱা যায়। তেওঁলোক ক্ৰমে, সৰু চখুৱা মেলেকী, জয়ৰাম মেধি, লেহোৰাম ভকত আৰু সভানাথ সত্ত।
•    তেওঁলোকৰ ভিতৰত কাৰ দখলত কিমান মাটি আছিল তাক জনা নাযায় যদিও জয়ৰাম মেধি হাৰিভাঙ্গাৰ পৰা স্থায়ীভাৱে বৰমাখিবাহা গাঁৱলৈ গুচি যাওতে প্ৰায় ছয়/সাত বিঘা মাটি গোঁসাইৰ নামত এৰি থৈ যায়। সে‍ই মাটি আজি পৰ্য্যন্ত গোঁসাই ঘৰ মচা আৰু চাকি-বন্তি জ্বলোৱা কাৰ্য্য সম্পাদন কৰা ভকতে চোৱা-চিতা কৰি আছে।
•    বৰ্তমান গোঁসাই ঘৰ মচা আৰু চাকি-বন্তি জ্বলোৱা কাম সভানাথ দত্তৰ বংশধৰসকলৰ দ্বাৰা চলি আহিছে।

No comments:

Post a Comment